নেচনেল ডেস্ক :

ত্তীশগড়ৰ বালোদা বজাৰত শোকাৱহ পথ দুৰ্ঘটনা।দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত ৬ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ৰো অধিক লোক আহত হয়। আহত লোকসকল বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে ।
এখন পিকআপ ভানত এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰি উভতি আহি থকাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাটো পালাৰী আৰক্ষী থানা অঞ্চলৰ ৰায়পুৰ-বালোদাবজাৰ ঘাইপথত সংঘটিত হয়।দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৬ গৰাকীকৈ লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত তিনিগৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে, চিকিৎসালয়লৈ নিয়াৰ সময়ত বাকী তিনিজনৰ মৃত্যু হয়।মৃতসকলৰ ভিতৰত ৫ গৰাকী মহিলা আৰু এটি শিশু ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকসকলৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.