উত্তৰ মেক্সিকোত ভয়ংকৰ পথ দুৰ্ঘটনা!

যাত্ৰীবাহী ভেন আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় কমেও ২৬ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

ত্তৰ মেক্সিকোৰ উত্তৰ সীমান্তৱৰ্তী ৰাজ্য তামাউলিপাছত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ ৰাজধানী চিউডাড ভিক্টোৰিয়াৰ ওচৰৰ ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন যাত্ৰীবাহী ভেন আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় কমেও ২৬ গৰাকী লোক। ইফালে দুৰ্ঘটনাত ভেন আৰু মালবাহী ট্ৰাকখন জ্বলি ভস্মীভূত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ সন্দেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.