হিংসাত্মক প্ৰতিবাদত মৃত্যু হয় কমেও আঠজনকৈ প্ৰতিবাদকাৰী

ইণ্টাৰনেচনেল ডেস্ক:

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ নাটকীয় গ্ৰেপ্তাৰক লৈ সমগ্ৰ পাকিস্তানত অব্যাহত আছে হিংসাত্মক প্ৰতিবাদ। দেশজুৰি সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদত হতাহত হয় কেইবাজনো প্ৰতিবাদকাৰী। পেছাৱাৰত হিংসাত্মক প্ৰতিবাদত মৃত্যু হয় কমেও আঠজনকৈ প্ৰতিবাদকাৰী। আনহাতে আহত হয় শতাধিক প্ৰতিবাদকাৰী তথা দলীয় সমৰ্থক।

ইফালে হিংসাত্মক ঘটনা প্ৰতিৰোধ কৰিবলৈ পিটিআই দলৰ সমৰ্থকৰ লগতে কেইবাগৰাকী প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰে পাকস্তানী ৰেঞ্জাৰে। দলৰ নেতা ছাহ মেহমুদ কুৰেছী, ফাৱাদ চৌধুৰী আৰু আছাদ উমৰকে ধৰি গ্ৰেপ্তাৰ কৰে পিটিআই দলৰ কেইবাজনো নেতাক ।

মঙলবাৰে বিয়লি ৰাষ্ট্ৰীয় একাউণ্টিবিলিটি ব্যুৰো(NAB)ৰ হাতত গতাই দিয়া হয় ইমৰান খানক। আল কাদিৰ ট্ৰাষ্টৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক ৮ দিনৰ বাবে জিম্মাত ৰখা হ’ব বুলি জানিব পৰা গৈছে। ইফালে পাকিস্তান চৰকাৰে হিংসাত্মক পৰিস্থিতিৰ লগতে দেশখনৰ ৰাজনৈতিক অস্থিৰতাৰ প্ৰতি লক্ষ ৰাখি সামৰিক বাহিনীক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰ্দেশ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.