বিয়াৰ ৩ দিন আগত তিনিটাকৈ বিস্ফোৰণত তচনচ বিয়াঘৰ

 

নেচেনেল ডেস্ক :

ৰাজস্থানৰ বাৰমেৰত ভয়ংকৰ অগ্নিকাণ্ড। বিয়াৰ ৩ দিন আগত তিনিটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ ।চৌহাটান চহৰৰ ছাই কা টালা গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ড। ছাই কা টালাৰ নিবাসী বাবুলালৰ পুত্ৰ জেঠাৰামৰ ঘৰত সংঘটিত হয় এই চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা । পাকঘৰত চাহ বনাওঁতে গেছ লিক হোৱাৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড । বিস্ফোৰণৰ ফলত আহত হয় ৫জনকৈ লোক । আহত সকলক চৌহাটান মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নিকাণ্ডত প্ৰায় ১০ লাখ নগদ ধন, বিয়াৰ সকলো সামগ্ৰী,সোণ-ৰূপৰ গহনা, কাপোৰ-কানি আৰু ঘৰুৱা সকলো সামগ্ৰী ভষ্মীভূত হয় । অগ্নিকাণ্ডত প্ৰায় ৫০ লাখ টকাৰ ক্ষতিসাধন হয় ।।

You might also like
Leave A Reply

Your email address will not be published.