পুনেৰ এয়াৰ ফিল্টাৰ কোম্পানী এটাৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড। শনিবাৰে বিয়লি পুনেৰ শিৰুৰ চহৰৰ ভীমা কোৰেগাঁও অঞ্চলৰ সমীপৰ এয়াৰ ফিল্টাৰ কোম্পানী এটাৰ গুদামত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুই কাৰখানাৰ শ্ৰমিক আহত হয় বুলি পুনে অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰে প্ৰকাশ।দুৰ্ঘটনাত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই।ছয়খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ততাতৈয়াকৈ ঘটনাস্থালীলৈ প্ৰেৰণ কৰা হৈছে । বাতৰি প্ৰস্তুত কৰা সময়লৈ জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।।
