আজি ১৫ ডিচেম্বৰ

▶️১০২৫ চনৰ আজিৰ দিনটোতেই সম্ৰাট দ্বিতীয় বাছিলৰ পাছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহণ।
▶️১৮৫২ চনৰ এই দিনটোতেই ফৰাচী পদাৰ্থবিদ, তেজষ্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক এন্টোইন হেনৰী বেকাৰেলৰ জন্ম হৈছিল।
▶️১৮৬০ চনৰ আজিৰ দিনটোতেই চিকিৎসা বিজ্ঞানত ফটো থেৰাপীৰ আৱিষ্কাৰক নীলছ ৰাইচবাৰ্গৰ জন্ম হৈছিল। ১৯০৩ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৩০ চনৰ এই দিনটোতেই নাট্যকাৰ-অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম হৈছিল।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই স্বাধীনতা আন্দোলনৰ নেতা, লৌহ মানৱ, স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু হৈছিল।
▶️১৯৬০ চনৰ এই দিনটোতেই ৰজা মহেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱৰ নেপালৰ জাতীয় সংসদ ভংগ।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই কাৰ্টুন ছবিৰ প্ৰসিদ্ধ নিৰ্মাতা ৱাল্ট ডিজনীৰ মৃত্যু হৈছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ভোটাধিকাৰৰ সময়সীমা ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস।
▶️১৯৯৩ চনৰ এই দিনটোতেই ১১৭ খন দেশৰ ‘গেট'(GATT:General Agreement of Tarriffs and Trade) চুক্তিত স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান।
▶️১৯৯৫ চনৰ এই দিনটোতেই জম্মু-কাশ্মীৰত ছমাহৰ বাবে ৰাষ্ট্ৰপতি শাসন বৃদ্ধি।উত্তৰ প্ৰদেশতো ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ বাবে ৰাজ্যসভাৰ অনুমোদন।
▶️২০০৬ চনৰ এই দিনটোতেই বেন কি মুন ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান নিযুক্ত হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ইৰাকত ভোটগ্ৰহণ। ইৰাকৰ ১৮খন প্ৰদেশৰ ১৫ কোটি জনসাধাৰণে ২৩০ গৰাকী প্ৰতিনিধি নিৰ্বাচন কৰে।সংসদৰ মুঠ ২৭৫ গৰাকী সদস্যৰ ৪৫ গৰাকীক প্ৰৱাসী ইৰাকীয়ে নিৰ্বাচন কৰে।
▶️১৯৭৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ফুটবল খেলুৱৈ বাইচুং ভূটিয়াৰ জন্ম হৈছিল। ভাৰতীয় ফুটবলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰোৱাৰ ক্ষেত্ৰত তেওঁক বাটকটীয়া আখ্যা দিয়া হয়।।

You might also like
Leave A Reply

Your email address will not be published.