থলুৱাভাৱে নিৰ্মিত মিছাইল ধ্বংসকাৰী জাহাজ ‘আইএনএছ মৰ্মুগাও’ ভাৰতীয় নৌসেনাত চামিল!

নেচনেল ডেস্ক:

আজি থলুৱাভাৱে নিৰ্মিত গাইডেদ মিছাইল ধ্বংসকাৰী জাহাজ ‘আইএনএছ মৰ্মুগাও’ ভাৰতীয় নৌসেনাত চামিল। যুদ্ধজাহাজখনত অত্যাধুনিক চেন্সৰ, আধুনিক ৰাডাৰ আৰু অস্ত্ৰ ব্যৱস্থা যেনে পৃষ্ঠৰ পৰা পৃষ্ঠলৈ ক্ষেপণাস্ত্ৰ আৰু পৃষ্ঠৰ পৰা আকাশলৈ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰে সুসজ্জিত বুলি ভাৰতীয় নৌসেনাৰ সূত্ৰে প্ৰকাশ। ৭৪০০ টন ওজন, ১৬৩ মিটাৰ দৈৰ্ঘ্য আৰু ১৭ মিটাৰ বহল এই জাহাজখনক ভাৰতত নিৰ্মাণ হোৱা অন্যতম শক্তিশালী যুদ্ধ জাহাজ হিচাপে গণ্য কৰিব পাৰি ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুম্বাইৰ নৌসেনাৰ ডকয়াৰ্ডত কমিচন কৰিবলগীয়া এই জাহাজখন গোৱাৰ ঐতিহাসিক বন্দৰ চহৰ মৰ্মুগাওৰ নামেৰে নামাকৰণ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.