নেচনেল ডেস্ক:
পুনৰ কাশ্মীৰী পণ্ডিতক হত্যা।শনিবাৰে দক্ষিণ কাশ্মীৰৰ শোপিয়ান জিলাৰ চৌদাৰী গুণ্ড শোপিয়ানত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এজন কাশ্মীৰী পণ্ডিতক। নিহত কাশ্মীৰী পণ্ডিতজন পুৰণ কৃষণ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, সন্ত্ৰাসবাদীয়ে ঘৰৰ সমীপত অতি ওচৰৰ পৰা গুলীয়াই হত্যা কৰে লোকজনক। ইফালে, আৰক্ষী আৰু সেনাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি হত্যাকাৰীৰ সন্ধান উলিয়াবলৈ অভিযান অব্যাহত ৰাখিছে।।