আজি ১৬ অক্টোবৰ

▶️আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
▶️১৮৩৫ চনৰ আজিৰ দিনটোতেই ঝান্সীৰ ৰাণী লক্ষ্মীবাই (প্ৰকৃত নাম মণিকৰ্ণিকা)ৰ বাৰানসীত জন্ম হৈছিল।
▶️১৮৯৪ চনৰ আজিৰ দিনটোতেই বুৰঞ্জীবিদ,সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হৈছিল।
▶️১৯৫২ চনৰ আজিৰ দিনটোতেই কোকৰাঝাৰৰ ওচৰৰ বাসুগাঁৱত বড়ো সাহিত্য সভা গঠন হৈছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই পেলেষ্টাইন ৰাষ্ট্ৰক ভাৰতৰ পূৰ্ণ স্বীকৃতি।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই কেন্দ্ৰত সপক্ষে ২৮০,বিপক্ষে ২১৪টা ভোটেৰে চন্দ্ৰশেখৰ চৰকাৰ আস্থাৰ ভোটত জয়ী হৈছিল।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই বাংলাদেশৰ ঢাকাৰ সমীপৰ নাৰায়ণগঞ্জত অৱস্থিত পৃথিৱীৰ বৃহত্তম মৰাপাট কল ‘আদাম জী পাটকল’ অনিৰ্দিষ্ট কাললৈ বন্ধ হৈছিল।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ মৃত্যু হৈছিল।
▶️১৯৯৮ চনৰ এই দিনটোতেই মহাজাগতিক পৰিঘটনাৰ সৃষ্টিৰে বিভিন্ন স্থানত উল্কাবৃষ্টি।
▶️২০০১ চনৰ এই দিনটোতেই অসমত ১১ নৱেম্বৰত দিয়া পালছ ভিটামিন-এ সেৱন কৰি বহু শিশু আক্ৰান্ত হোৱাৰ লগতে ১০টি শিশুৰ কৰুণ মৃত্যু ঘটিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফ ৰাষ্ট্ৰপতিৰ পদত পুনৰ নিৰ্বাচিত হৈছিল।।

আজি ১৬ অক্টোবৰ

You might also like
Leave A Reply

Your email address will not be published.