নিউজ ডেস্ক:
প্ৰকাশ হ’ল উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অধীনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৰেংকিং তালিকা। ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্কৰ তালিকাত উজলিল IIT গুৱাহাটী। ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্কৰ তালিকাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনে। তালিকাৰ শীৰ্ষত IIT মাদ্ৰাজ। দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে IIS বেংগালুৰু আৰু IIT দিল্লীৰ নাম।
উল্লেখ্য যে দেওবাৰে হায়াৰ এডুকেশ্যন ইমপেক্ট ৰেংকিঙত ষষ্ঠস্থান লাভ কৰিছিল দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIT গুৱাহাটীয়ে। বহনক্ষম-স্বচ্ছ শক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে এই সন্মান IIT গুৱাহাটীৰ। বিভিন্ন শিতানত সমগ্ৰ বিশ্বজুৰি হায়াৰ এডুকেশ্যনে চলাইছিল সমীক্ষা।।