পুনৰ নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ নক্সালবাদীৰ

 

নেচনেল ডেস্ক :

ত্তীশগড়ত পুনৰ নক্সালবাদীৰ আক্ৰমণ ।এইবাৰ বিজাপুৰ জিলাত আইইডি বিস্ফোৰণ। নক্সাল উগ্ৰপন্থীয়ে স্থাপন কৰা আইইডি বিস্ফোৰণত চিআৰপিএফৰ ৮৫ নং বেটেলিয়নৰ দুজন জোৱান আহত হয়।
আহত দুই জোৱানক চিকিত্‍সাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হয় ।গংগালুৰ আৰক্ষী থানাৰ অধীনৰ টেকামেটা পাহাৰৰ ওচৰত
সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা ।
চিআৰপিএফৰ ৮৫ নং বেটেলিয়নৰ এটা দল পুছনৰ শিবিৰৰ পৰা তালাচী অভিযানত ওলাই যোৱাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয় । বিজাপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি, দলটোৱে অঞ্চলটো ঘেৰাও কৰি থকাৰ সময়তে এটা চাপযুক্ত আইইডি বিস্ফোৰণ ঘটি চিআৰপিএফৰ দুজন জোৱান আহত হয় ।

উল্লেখ্য যে ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীয়ে নিৰন্তৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে । ইয়াৰ পূৰ্বেও যোৱা ২৪ মে’ত নক্সালবাদীয়ে আভাপল্লী বাচাগুড়া পথত ৫০ কিলোগ্ৰাম বিস্ফোৰকসহ দুটা আইইডি স্থাপন কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.