পৰিৱেশ দিৱসত গছপুলি ৰুবলৈ গৈ অৰুণাচলী দুৰ্বৃত্তৰ গুলীত নিহত দুই অসমীয়া!

নিউজ ডেস্কঃ

ক শোকাৱহ ঘটনা৷ বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰুবলৈ যোৱা অসমীয়াক গুলীয়াই হত্যা অৰুণাচলী দুৰ্বৃত্তৰ। সোমবাৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ধেমাজি জিলাৰ জয়ৰামপুৰৰ সমীপৰ পাণবাৰীত।
অসম-অৰুণাচল সীমান্তৰ পাণবাৰীত অৰুণাচলী দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণত থিতাতে নিহত হয় বগা চুতীয়া নামৰ এজন লোক। গুলীবিদ্ধ অৱস্থাত ধেমাজীৰ অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটে মন্টু গগৈ নামৰ আন এজনৰ। অৰুণাচলীৰ গুলীত আহত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন আন ৩ অসমীয়া। ঘটনাক কেন্দ্ৰ কৰি পাণবাৰীত উত্তপ্ত পৰিস্থিতি।
জানিব পৰা মতে, অসমৰ লোক কেইজনে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰি থকাৰ সময়তে অসমৰ সীমাত প্ৰৱেশ কৰি বন্দুকধাৰী অৰুণাচলী দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে।
ইফালে অৰুণাচলী দুৰ্বৃত্তই অঞ্চলটোৰ পৰা আন তিনিজন অসমীয়াক অপহৰণ কৰি নিয়াৰো অভিযোগ উঠিছে।।

You might also like
Leave A Reply

Your email address will not be published.