ভয়ংকৰ নাও দুৰ্ঘটনাত সন্ধানহীন ৫ ছাত্ৰ !

নেচনেল ডেস্ক :

ত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত নিশা ভয়ংকৰ নাও দুৰ্ঘটনা। গংগাৰ গভীৰ পানীত সন্ধানহীন ৫ জন ছাত্ৰৰ মৃত্যুৰ আশংকা। সম্প্ৰতি আৰক্ষী, SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে । আটাইকেইজন ছাত্ৰ আছিল এলাহাবাদ বিশ্ববিদ্যালয়ৰ । দুটা গোটত গংগাত গা ধুবলৈ আহিছিল এইসকল শিক্ষাৰ্থীয়ে। এটা দলৰ শিক্ষাৰ্থীয়ে গা ধুই থিয় হৈ আছিল নৈৰ তীৰত। আনটো দলৰ শিক্ষাৰ্থীয়ে উঠি আছিল নাৱত।উটি যোৱাসকলৰ ভিতৰত এজন বিহাৰৰ, এজন মধ্যপ্ৰদেশৰ আৰু তিনিজন উত্তৰ প্ৰদেশৰ।

উল্লেখ্য যে, দেওবাৰে প্ৰয়াগৰাজৰ গংগাৰ সংগমনগৰীত গা ধুবলৈ গৈছিল মুঠ ১৫ জন ছাত্ৰ ।তাৰ পাছতে ছাত্ৰৰ দলটোৱে গংগা নদীত নাও চলাবলৈ লয়।তেনেতে হঠাত্‍ নৈৰ কোবাল সোঁতত উটি যায় ৯ জন ছাত্ৰ ।তাৰে ৪ জন ছাত্ৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন ৫ জন ছাত্ৰৰ সন্ধানত আৰক্ষী আৰু SDRF বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.