আজি ৬ জুন

▶️আজি ছুইডেনৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৫৯৬ চনৰ আজিৰ দিনটোতেই শিখ গুৰু হৰবিন্দৰ সিঙৰ জন্ম হৈছিল।
▶️১৬৭৪ চনৰ এই দিনটোতেই স্বাধীন মাৰাঠা ৰাজ্যৰ ৰজা হিচাপে শিৱাজীৰ অভিষেক আৰু তেওঁৰ ছত্ৰপতি উপাধি গ্ৰহণ।
▶️১৭৯৯ চনৰ আজিৰ দিনটোতেই ৰুছ কবি-সাহিত্যিক আলেকজেণ্ডাৰ পুস্কিনৰ জন্ম হৈছিল।
▶️১৮২৯ চনৰ এই দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম হৈছিল।
▶️১৮৭৫ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ নোবেল জয়ী সাহিত্যিক টমাছ মানৰ জন্ম হৈছিল। তেওঁ ১৯২৯ চনত লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৮৯০ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথম মুখ্যমন্ত্ৰী (তেতিয়াৰ প্ৰধানমন্ত্ৰী) গোপীনাথ বৰদলৈৰ জন্ম হৈছিল।
▶️১৯৩৫ চনৰ আজিৰ দিনটোতেই তিব্বতৰ চতুৰ্দশ দালাই লামা বিষ্টেন-ডিজিন-ৰিগা-মেটশ্বোৰ (সংক্ষেপে টেনজিং গিয়াৎছো) জন্ম হৈছিল। তেওঁ ১৯৮৯ চনত লাভ কৰিছিল শান্তিৰ নোবেল বঁটা।
▶️১৯৪০ চনৰ আজিৰ দিনটোতেই সংগীত শিল্পী ৰমেন বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ নোবেল জয়ী সাহিত্যিক গেৰহাৰ্ট হাউপ্টমেনৰ মৃত্যু হৈছিল। তেওঁ ১৯১২ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই ‘চিনেমাটোগ্ৰাফ’ (গ্ৰীক শব্দ kinema=movement, graphein=to write) বা চলচ্চিত্ৰ কেমেৰা আৰু প্ৰজেক্টৰৰ উদ্ভাৱক লুই লুমিয়েৰৰ ফ্ৰান্সত মৃত্যু ঘটিছিল। লুই আৰু তেওঁৰ ভাতৃ আগষ্ট লুমিয়েৰক চলচ্চিত্ৰ নিৰ্মাণৰ বাটকটীয়া আখ্যা দিয়া হয়।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই সদৌ অসম ছাত্ৰ সন্থাৰ অসম আন্দোলনৰ প্ৰথমটো কাৰ্যসূচী ঘোষণা।এই কাৰ্যসূচী আছিল ২৪ ঘন্টীয়া অসম বন্ধ। অসম আন্দোলন আৰম্ভ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতি যুটিৰ ফ্ৰেন্স অপেনৰ ডাবলছত গ্ৰেণ্ডশ্লেম অৰ্জন।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ৰোনাল্ড ৰিগানৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.