আজি ৭ জুন

▶️১৬৩১ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজৰ মৃত্যু।এওঁৰ স্মৃতিতে শ্বাহজাহানে তাজমহল নিৰ্মান কৰোৱাইছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই অসম বিধানসভাৰ শ্বিলঙত বহা বাজেট অধিৱেশনত শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰ আৰু পৰৱৰ্তী বাজেট অধিৱেশন নতুন ৰাজধানী দিছপুৰত পতাৰ কথা ঘোষণা।
▶️১৯৭৫ চনৰ এই দিনটোতেই ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা।ইয়াৰ পিছত প্ৰতি ৪ বছৰৰ অন্তৰে অন্তৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।
▶️১৯৭৯ চনৰ এই দিনটোতেই ভাৰতৰ দ্বিতীয়টো কৃত্ৰিম উপগ্ৰহ ‘ভাস্কৰ-১’ ছোভিয়েট ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা উৎক্ষেপণ। ৪৪৪ কিলোগ্ৰাম ওজনৰ এই পৰীক্ষামূলক উপগ্ৰহৰ আৰ্হি-পৰিকল্পনা আৰু নিৰ্মান আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰ'(ISRO)ৰ।এই উপগ্ৰহৰ সহায়ত ভাৰতৰ বনাঞ্চল,জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰা হয়।
▶️১৯৮২ চনৰ এই দিনটোতেই পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ফ্ৰেন্স অপেনত মহেশ ভূপতিৰ মিক্সড ডাবলছ খিতাপ লাভ।
▶️২০০০ চনৰ আজিৰ দিনটোতেই বৰ্ষীয়ান সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.