আজি ৮ জুন

▶️১৬৫৮ চনৰ এই দিনটোতেই ঔৰংগজেৱৰ দ্বাৰা পিতৃ শ্বাহজাহানক আগ্ৰা দূৰ্গত বন্দী।
▶️১৯৩৬ চনৰ আজিৰ দিনটোতেই ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ ৰখা হৈছিল।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই ভাৰত আৰু ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি।আৰম্ভণিতে এই বিমান এদিন কাইৰো আৰু জেনেভা হৈ চলিছিল। এয়াই ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা।
▶️১৯৬১ চনৰ আজিৰ দিনটোতেই হলিউডৰ বিখ্যাত অভিনেতা ৰবাৰ্ট টেইলৰৰ মৃত্যু।
▶️১৯৬৬ চনৰ এই দিনটোতেই জেনেৰেল পি পি কুমাৰামংগলমৰ ভাৰতীয় সেনাবাহিনীৰ প্ৰধান ৰূপে কাৰ্যভাৰ গ্ৰহণ।
▶️১৯৬৯ চনৰ এই দিনটোতেই জেনেৰেল এছ এইচ এফ জে মানেকশ্ব’ৰ ভাৰতীয় সেনাবাহিনীৰ প্ৰধান ৰূপে কাৰ্যভাৰ গ্ৰহণ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই পেৰিছত অনুষ্ঠিত ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাত মণিকা ছেলেছৰ হাতত আৰান্টজা ছানছেজ পৰাস্ত হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিশ্বকাপ ক্ৰিকেটৰ ছুপাৰ ছিক্স পৰ্যায়ত ভাৰতৰ হাতত পাকিস্তান পৰাস্ত।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা।হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ৪৯.৭৯ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.