আজি ৯ জুন

▶️১৭৮১ চনৰ আজিৰ দিনটোতেই ইংৰাজ অভিযন্তা তথা ৰে’ল ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ জন্ম হৈছিল।
▶️১৮৩৪ চনৰ আজিৰ দিনটোতেই ভাৰতত বাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ মৃত্যু হৈছিল। ভাৰতত মূদ্ৰণ শিল্পৰ বিকাশত কেৰীৰ বিশেষ অৰিহণা আছে।
▶️১৮৭০ চনৰ এই দিনটোতেই ইংৰাজ সাহিত্যিক, ঔপন্যাসিক চাৰ্লছ ডিকেন্সৰ মৃত্যু ঘটিছিল।
▶️১৮৯৪ চনৰ এই দিনটোতেই সাহিত্যিক মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল।
▶️১৯৬৪ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল লাল বাহাদুৰ শাস্ত্ৰী।১৯৬৬ চনৰ ১১ জানুৱাৰীলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই ভাৰতত প্ৰথমজন এইডছ ৰোগীৰ মৃত্যু।
▶️১৯৯০ চনৰ এই দিনটোতেই পেৰিছত অনুষ্ঠিত ফ্ৰেন্স অপেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত জিম কুৰিয়েৰ চেম্পিয়ন।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ৬০০ বছৰৰ মূৰত ফিলিপাইনছৰ পিনাটুবো আগ্নেয়গিৰিৰ উদ্গীৰণ। ইয়াৰ ফলত উত্তপ্ত লাভা,শিলাখণ্ড,ছাই আদি ১৪ কিলোমিটাৰ পৰ্যন্ত বিয়পি পৰে।আতংকত ঘৰ-বাৰী এৰিবলগীয়া হয় প্ৰায় ৩৫ হেজাৰ লোকে।অগণন জনৰ প্ৰাণহানি।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই হিন্দী ছবিৰ প্ৰসিদ্ধ পৰিচালক ৰাজ খোছলাৰ ৬৬ বছৰ বয়সত মৃত্যু।’দো ৰাস্তে’, ‘মেৰা গাঁও মেৰা দেশ’, ‘ৱ’ কৌন থী’ আদি তেওঁৰ জনপ্ৰিয় ছবি।
▶️২০০৪ চনৰ এই দিনটোতেই শিৰোমণি আকালী দলৰ নেতা চৰণজিৎ সিং অটল সৰ্বসন্মতিক্ৰমে লোকসভাৰ উপাধ্যক্ষ নিৰ্বাচিত।।

 

You might also like
Leave A Reply

Your email address will not be published.