ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ ৪৮ ঘণ্টাৰ পাছত উদ্ধাৰ অসমৰ যুৱক!

নিউজ ডেস্ক:
৪৮ ঘণ্টাৰ অন্তত ভয়াৱহ ৰে’ল দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ অসমৰ এজন যুৱক। ওড়িশাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ দুদিন পিছত উদ্ধাৰ উত্তৰ গুৱাহাটীৰ দুলাল মজুমদাৰ নামৰ যুৱকজন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ দুৰ্ঘটনাস্থলীৰ পৰা কিছু নিলগত অচেতন অৱস্থাত পৰি আছিল যুৱকজন। দেওবাৰে পুৱা যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি ছ’ৰ’ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পিছত বালাছোৰৰ জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে আজি পুনৰ ওড়িশাত সংঘটিত হয় আন এক ৰে’ল দুৰ্ঘটনা। বালাছোৰৰ পাছত এইবাৰ বৰগড়ত বাগৰিল এখন মালবাহী ৰে’ল। দুৰ্ঘটনাত লাইনচ্যুত মালবাহী ৰে’লখনৰ ৫ টাকৈ দবা। ওড়িশাৰ বালাছোৰৰ ভয়াবহ দুৰ্ঘটনাৰ ৫১ ঘণ্টাৰ পাছত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত আজি পুৱা চলিছিল মালবাহী ৰে’লখন।।

You might also like
Leave A Reply

Your email address will not be published.