নিউজ ডেস্ক:
পুনৰ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা। আজিৰে পৰা বন্ধ নৈশ ফেৰীসেৱা। এই নিৰ্দেশনা জাৰি কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাৰ বাবেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনা। আজিৰ পৰা সন্ধিয়া ৬:৩০ বজাৰ পিছত যাত্ৰীসকলৰ বাবে উপলব্ধ নহ’ব নৈশ ফেৰী সেৱা । পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈকে স্থগিত থাকিব ফেৰীসেৱা।
ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰলৈ উঠাৰ পাছত চলিত বৰ্ষৰ জুন মাহতো IWTয়ে নৈশ ফেৰীসেৱা স্থগিত ৰখাৰ অনুৰূপ নিৰ্দেশনা জাৰি কৰিছিল।।