আজি ১১ আগষ্ট

▶️১৩৪৭ চনৰ আজিৰ দিনটোতেই আলাউদ্দিন হাছানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা।
▶️১৮৫৮ চনৰ আজিৰ দিনটোতেই বিশিষ্ট চিকিৎসা বিজ্ঞানী খ্ৰীষ্টিয়ান আইজকমেনৰ নেডাৰলেণ্ডছত জন্ম হৈছিল। ১৯২৯ চনত তেঁও চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯০৮ চনৰ আজিৰ দিনটোতেই বিনা বিচাৰে বিপ্লৱী ক্ষুদিৰাম বসুৰ ফাঁচি।
▶️১৯৬১ চনৰ এই দিনটোতেই দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই নগাঁৱৰ ঠেকেৰাগুৰিৰ তৈলভাণ্ডাৰ বিস্ফোৰণত বিস্তৰ ক্ষতি।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই শতিকাৰ অন্তিম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰততো দৃশ্যমান হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ ৰমানাথ পাৰ্কাৰৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ২০০৫ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দায়িত্বৰ পৰা ৰাজ্য চৰকাৰৰ তদানীন্তন আয়ুক্ত সচিব এম জি ভি কে ভানুক অপসাৰণ।
▶️২০০৪ চনৰ এই দিনটোতেই প্ৰত্যক্ষভাৱে ৰাইজৰ অভাৱ-অভিযোগ শুনাৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ‘জনতা দৰবাৰ’ আৰম্ভ।
▶️২০০৫ চনৰ এই দিনটোতেই সংগীত পৰিচালক পাৰ্থপ্ৰতিম চৌধুৰীৰ দেহাৱসান।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীৰ শপতগ্ৰহণ।।

You might also like
Leave A Reply

Your email address will not be published.