হাৱাইৰ ঐতিহাসিক চহৰ লাহাইনাত বিধ্বংসী বনজুই!

বনজুইত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ৩৬ জন লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

হাৱাইৰ ঐতিহাসিক চহৰ লাহাইনাত বিধ্বংসী বনজুই। বনজুইত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ৩৬ জন লোকৰ। আনহাতে বনজুইত আহত হয় ভালে সংখ্যক লোক।

হাৰিকেন ড’ৰাৰ পৰা অহা প্ৰচণ্ড বতাহৰ ফলত উৎপত্তি হোৱা বনজুইয়ে মাউই দ্বীপটোক আৱৰি ধৰে। জুইৰ শিখাত ধোঁৱাৰ স্তূপত পৰিনত হয় চহৰখনৰ ব্যস্ত ৰাজপথত জ্বলি যোৱা বাহনৰ লগতে ঐতিহাসিক অট্টালিকাসমূহ । খৱৰ মতে, বনজুইত ক্ষতিগ্ৰস্ত অট্টালিকাৰ সংখ্যা ২৭১টা।

ইফালে ২১০০ৰো অধিক লোকে আশ্ৰয় গ্ৰহণ কৰে এটা খালি কেন্দ্ৰত । বনজুইৰ বাবে বহু বিমান বাতিল হোৱাৰ পিছতে আন ২০০০ যাত্ৰী আশ্ৰয় লয় কাহুলুই বিমান বন্দৰত। আনহাতে হাজাৰ হাজাৰ স্থানচ্যুত পৰ্যটকৰ লগতে স্থানীয় লোকৰ বাবে সাজু কৰি ৰাখিছে হনোলুলুৰ হাৱাই কনভেনচন চেণ্টাৰ।।

You might also like
Leave A Reply

Your email address will not be published.