ফ্ৰান্সৰ উত্তৰ-পূব উইণ্টজেনহাইমত ভয়ংকৰ অগ্নিকাণ্ড!

অগ্নিকাণ্ডৰ ফলত মৃত্যু হয় এঘাৰ গৰাকীকৈ লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

ফ্ৰান্সৰ উত্তৰ-পূব উইণ্টজেনহাইমত ভয়ংকৰ অগ্নিকাণ্ড। বিশেষভাৱে সক্ষম লোকৰ অৱসৰ আৱাসত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত মৃত্যু হয় এঘাৰ গৰাকীকৈ লোকৰ। ইফালে দুমহলীয়া অট্টালিকাটোৰ তলৰ মহলাত শুই থকা সকলৰ লগতে প্ৰথম মহলাত শুই থকা মুঠ ১৭ গৰাকী লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাটো সংঘটিত হয় বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬:৩০ বজাত। পিছত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি নিৰ্বাপন কৰে জুই।।

You might also like
Leave A Reply

Your email address will not be published.