পুনৰ ভূমিকম্পৰ জোকাৰণি!

পূৱা ৯.২৬ বজাত অনুভূত হয় ভূমিকম্পটো

নৰ্থইষ্ট ডেস্ক:

বৃহস্পতিবাৰে পুৱা ৯.২৬ বজাত মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত ৰিখটাৰ স্কেলত ৩.৯ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ভূমিকম্পৰ ফলত কোনো ঠাইৰ পৰা কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰস্থল মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত ভূপৃষ্ঠৰ পৰা ৪৬ কিলোমিটাৰ গভীৰতাত আছিল ।

You might also like
Leave A Reply

Your email address will not be published.