এখন শ্বপিং মলত নিৰ্বিচাৰ গুলীচালনা!

ইণ্টাৰনেচনেল ডেস্ক:

ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিত পৰিনত বিশ্বৰ সৰ্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্ৰ। ৰাজহুৱা স্থানত গুলীচালনা, চুৰিকাঘাট আদি বিভিন্ন অপৰাধমূলক ঘটনা এতিয়া সাধাৰণ কথা হৈ পৰিছে আমেৰিকাত। বুধবাৰে সন্ধিয়া টেক্সাছৰ এখন শ্বপিং মলত সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা। গুলীচালনাত থিতাতে নিহত হয় এজন লোক। আনহাতে গুৰুতৰভাৱে আহত হয় আন চাৰিজন লোক। ঘটনাস্থলীত পশ্চিম টেক্সাছ চহৰৰ আৰক্ষী উপস্থিত হৈ এজন লোকক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাত এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।

উল্লেখ্য যে, ২০১৯ চনত চিলো ভিষ্টা নামৰ মলটোতো সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। গুলীচালনাটোত থিতাতে নিহত হৈছিল ২৩ গৰাকীকৈ লোক। আনহাতে আহত হৈছিল ২২ জনকৈ লোক।।

You might also like
Leave A Reply

Your email address will not be published.