ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত ৬ গৰাকীকৈ যাত্ৰী!

নেজনেল ডেস্ক:

গুজৰাটৰ পাটন জিলাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।বুধবাৰে নিশা এখন জীপে ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো |দুৰ্ঘটনাটোৰ ফলত চাৰিগৰাকী মহিলাসহ ছয়জন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ৮ গৰাকীকৈ লোক।অৱশেষত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ চিকিত্‍সালয়লৈ প্ৰেৰণ কৰে।ঘটনাটো ৰাধানপুৰৰ ওচৰত সংঘটিত হয়।জানিব পৰা মতে প্ৰায় ১৫ জন যাত্ৰীৰ সৈতে এখন জীপ তীব্ৰবেগত গৈ থকা সময়তে জীপ খনৰ এটা চকাৰ টায়াৰ বিস্ফোৰণ হয়, যাৰ ফলত চালকজনে জীপখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে।

You might also like
Leave A Reply

Your email address will not be published.