১৩ মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড!

জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু ৭০ বছৰীয়া বৃদ্ধাৰ

নেচনেল ডেস্ক:

বুধবাৰে মুম্বাইৰ কুৰ্লা অঞ্চলৰ এটা ১৩ মহলীয়া আৱাসিক ভৱনত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত এগৰাকী ৭০ বছৰীয়া মহিলা জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে আন আঠগৰাকী লোক আহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।আৰক্ষীয়ে দিয়া তথ্য অনুসৰি পুৱা প্ৰায় ৭ বজাত কহিনুৰ চহৰৰ প্ৰিমিয়াৰ কম্পাউণ্ডত অৱস্থিত ১৩ মহলীয়া অট্টালিকাটোত অগ্নিকাণ্ডটো সংঘটিত হয়। যাৰ বাবে গোটেই চৌহদটো ক’লা ধোঁৱাই আৱৰি ৰখাৰ ফলত অট্টালিকাটোত থকা লোক সকল বিভিন্ন মহলাত আৱদ্ধ হৈ পৰে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ।

You might also like
Leave A Reply

Your email address will not be published.