আজি পুৱা ৬:১৪ বজাত প্ৰচণ্ড ভূমিকম্পই জোকাৰিলে চুবুৰীয়া ৰাজ্য মণিপুৰ। মণিপুৰৰ উখৰুলত অনুভূত হয় ভূমিকম্পটো। ৰিখটাৰ স্কেলত ৪ প্ৰাবল্যত সংঘটিত হয় এই ভূমিকম্প। ভূমিকম্পটোৰ কেন্দ্ৰস্থল ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ গভীৰতাত। এই পৰ্যন্ত কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই। এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই।।
