আমেৰিকাৰ চিলিত ভয়ংকৰ বনজুই!

দক্ষিণ আমেৰিকাৰ চিলিত ভয়ংকৰ বনজুই। বনজুইত কমেও তেৰজন লোক নিহত। বনজুইৰ গ্ৰাসত প্ৰায় ১৪ হাজাৰ হেক্টৰ ভূমি। দেশখনৰ ৰাজধানী চেণ্টিয়াগোৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দক্ষিণে অৱস্থিত বায়’বিঅ’ৰ চান্টা জুয়ানা চহৰত এজন অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি এঘাৰজন লোকৰ মৃত্যু হৈছে। লা আৰাউকেনিয়াৰ দক্ষিণ অঞ্চলত এখন জৰুৰীকালীন সহায়ক হেলিকপ্টাৰৰ দুৰ্ঘটনাত পাইলটসহ এজন মেকানিক নিহত।

চৰকাৰে বায়’বায়’ আৰু চুবুৰীয়া নুবলৰ কৃষি আৰু বনাঞ্চলসমূহ দুৰ্যোগপূৰ্ণ অঞ্চল ঘোষণা কৰাৰ লগতে সৈনিক নিয়োগ কৰা হৈছে। এই পৰ্যন্ত দেশজুৰি ৩৯টা অগ্নিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে শতাধিক ঘৰৰ ক্ষতিসাধন হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.