ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ!

সুখী দেশৰ সূচকাংকত ভাৰতৰ স্থান ১২৬!

নিউজ ডেস্ক:

ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে নিৰ্বাচিত।সোমবাৰে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা বাৰ্ষিক সূচকাংকত ক্ৰমাগত ষষ্ঠ বছৰৰ বাবে ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে নিৰ্বাচিত কৰা হয়। হাজাৰ হাজাৰ হ্ৰদ আৰু প্ৰায় অন্তহীন অৰণ্যৰ সৈতে নৰ্ডিক দেশখন ইয়াৰ ব্যাপক জন কল্যাণ ব্যৱস্থা, কৰ্তৃপক্ষৰ ওপৰত উচ্চ আস্থাৰ লগতে ৫৫ লাখ নাগৰিকৰ মাজত কম মাত্ৰাৰ বৈষম্যৰ বাবে পৰিচিত। আনহাতে, উত্তৰ ইউৰোপৰ ডেনমাৰ্ক আৰু আইচলেণ্ড ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। যোৱা বছৰৰ তুলনাত পাঁচটা স্থান আগুৱাই আহি ইজৰাইলে দখল কৰে চতুৰ্থ স্থান ।

কিহৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয়?

২০১২ চনত প্ৰথম প্ৰকাশিত ‘ৱৰ্ল্ড হেপিনেছ ৰিপ’ৰ্ট’খন মানুহৰ নিজৰ সুখৰ মূল্যায়নৰ লগতে অৰ্থনৈতিক আৰু সামাজিক তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। প্ৰতিবেদনত বিবেচনা কৰা ছটা মূল কাৰক হৈছে: সামাজিক সমৰ্থন, আয়, স্বাস্থ্য, স্বাধীনতা, উদাৰতা, আৰু দুৰ্নীতিৰ অনুপস্থিতি।তিনি বছৰৰ সময়ছোৱাত গড় তথ্যৰ ভিত্তিত সুখৰ সূচকাংক নিৰ্ধাৰণ কৰে।

ভাৰতৰ স্থান

সুখী দেশৰ সূচকাংকত ভাৰতৰ স্থান ১২৬ । ভাৰতৰ স্থান চুবুৰীয়া দেশ চীন, নেপাল, শ্ৰীলংকা আৰু বাংলাদেশৰ তলত। যোৱা বছৰ ভাৰতৰ স্থান আছিল ১৩৬।।

You might also like
Leave A Reply

Your email address will not be published.