ছত্তীশগড়ৰ বিজাপুৰত নিহত মাওবাদী!

নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যু হয় পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মিৰ এগৰাকী মহিলা সদস্যাৰ

নেচনেল ডেস্ক:

ত্তীশগড়ৰ বিজাপুৰত নিহত মাওবাদী। মঙলবাৰে পুৱা ছত্তীশগড়ৰ মাওবাদী প্ৰভাৱিত বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যু হয় নিষিদ্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ সশস্ত্ৰ শাখা পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মিৰ এগৰাকী মহিলা সদস্যাৰ। জিলাখনৰ দন্তেৱাড়াৰ দিশে অৱস্থিত গংগালুৰু আৰক্ষী থানাৰ অন্তৰ্গত কোৰচোলি-টোডকা বনাঞ্চলৰ সমীপত পুৱা প্ৰায় ৬.৩০ বজাত তুমুল সংঘৰ্ষ সংঘটিত হয় নিৰাপত্তাৰক্ষী আৰু পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মিৰ মাজত । সংঘৰ্ষত সকলো নিৰাপত্তাৰক্ষী সুৰক্ষিত আছে বুলি দাবী কৰা হৈছে।

পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মিৰ অধিনায়ক ভেল্লা আৰু গংগালুৰু আঞ্চলিক সমিতিৰ সদস্য দীনেশে অঞ্চলটোত বাহৰ পতাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল। জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি), বিশেষ টাস্ক ফ’ৰ্চ (এছ টি এফ) আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ এটা যুটীয়া দলে চলাইছিল এই বিশেষ অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.