শিশু সৰবৰাহৰ ক্ষেত্ৰত তৃতীয় স্থানত অসম!

শিশু সৰবৰাহক লৈ অসম বিধানসভাত উন্মোচিত হৈছে উদ্বেগজনক তথ্য

নিউজ ডেস্ক:

শিশু সৰবৰাহক লৈ অসম বিধানসভাত উন্মোচিত হৈছে উদ্বেগজনক তথ্য। শিশু সৰবৰাহৰ ক্ষেত্ৰত অসম আছে শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত। দেশৰ ভিতৰতে সৰ্বাধিক শিশু সৰবৰাহৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়। অসমৰ পৰা সৰবৰাহ হোৱা শিশুৰ ভিতৰত ৭৯ শতাংশই হ’ল ছোৱালি আৰু ২১ শতাংশ ল’ৰা।

মন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি অসমত ২০১৭ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৭৫৯টা শিশু নিৰুদ্দেশ হৈছে। ইয়াৰ ভিতৰত উদ্ধাৰ হৈছে ৬৬৬টা শিশু। আনহাতে বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই ৯৩টা শিশু।

আজি এই সন্দৰ্ভত অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰে কমলপুৰৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাই। তেওঁ নিজৰ শিশুৰ দৰেই ৰাজ্যৰ শিশুসকলক গণ্য কৰি সকলো বিধায়ককে নিজ নিজ সমষ্টিত সজাগ, সচেতন হ’বলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে শিশু সৰবৰাহে জটিল ৰূপ লোৱা অঞ্চলত অসম বিধানসভাৰ প্ৰতিনিধিৰ দল গৈ পৰ্যবেক্ষণ কৰিব লাগে বুলিও মত পোষণ কৰে।

সদনত বিভাগীয় মন্ত্ৰীয়ে জনোৱা মতে উদ্ধাৰ কৰা শিশুসকলক সংশ্লিষ্ট জিলাৰ চাইল্ড ৱেলফেয়াৰ কমিটী সমূহৰ সমুখত হাজিৰ কৰোৱাৰ পাছত পৰিয়ালক অথবা চৰকাৰী-বেচৰকাৰী শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.