ওড়িশাত সংঘটিত হোৱা দুৰ্ঘটনাত দুজন লোক নিহত!

আহত ৬ গৰাকীকৈ আইটিবিপিৰ জোৱান

নেচনেল ডেস্ক:

ঙলবাৰে ওড়িশাত সংঘটিত হোৱা দুটা পৃথক দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আহত হয় ৬ গৰাকীকৈ আইটিবিপিৰ জোৱান। ৰাজ্যখনৰ খোৰধা জিলাৰ পিতাপালি ছাকৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় দুজন লোকৰ । প্ৰাপ্ত খবৰ অনুসৰি, পথত এখন পিক আপ ভেনে এখন ৰৈ থকা ট্ৰাকক খুন্দা মৰাৰ ফলত নিহত হয় লোক দুজন।

আনটো দুৰ্ঘটনা সংঘটিত হৈছে খোৰ্ধা-বোলাংগীৰ ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বলগাডৰ সমীপত। দুৰ্ঘটনাটোত আহত হয় আইটিবিপিৰ ৬ জকৈ জোৱান। জানিব পৰা মতে, জোৱান কঢ়িয়াই অনা আইটিবিপিৰ গাড়ীচালকজনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত বাহনখন পথৰ পৰা বাগৰি পৰে। দুৰ্ঘটনাটোত আহত আইটিবিপিৰ আটাইকেইজন জোৱানক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰামতে, খোৰ্ধাৰ শিবিৰৰ পৰা অহা আইটিবিপিৰ বাহনখন বিভিন্ন সামগ্ৰী লৈ ছত্তীশগড়লৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।।

You might also like
Leave A Reply

Your email address will not be published.