আজি ২১ মাৰ্চ

▶️আজি দিন-ৰাতি সমান দিন।
▶️আজি নামিবিয়াৰ স্বাধীনতা দিৱস।
▶️আজি বিশ্ব বন দিৱস।
▶️আজি বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস।
▶️১৮৩৬ চনৰ আজিৰ দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথমটো ৰাজহুৱা পুথিভঁৰাল কলকাতা পাব্লিক লাইব্ৰেৰী মুকলি।১৯০৩ চনৰ ৩০ জানুৱাৰীত এইটো পুথিভঁৰাল ইম্পেৰিয়েল লাইব্ৰেৰীৰ লগত চামিল হয়।
▶️১৯১৬ চনৰ এই দিনটোতেই প্ৰখ্যাত চেহনাই বাদক বিছমিল্লাহ খানৰ জন্ম হৈছিল।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ জাতীয় কংগ্ৰেছৰ পতাকা গৃহীত হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই নামিবিয়াৰ স্বাধীনতা লাভ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই বিশ্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ (১৭ দিন ২২ ঘন্টা) ট্ৰায়াথলন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই ২০০২ চনৰ শ্ৰেষ্ঠ সাংসদৰ বঁটাৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং,কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন সিং,বিজেপিৰ সভাপতি লালকৃষ্ণ আদৱানি আৰু ৰাজ্যসভাৰ বিৰোধী দলপতি যশোৱন্ত সিঙৰ নাম ঘোষণা।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ৰাজস্থানৰ এখন গাঁৱৰ সতী মন্দিৰৰ সতী হ’বলৈ যোৱা এগৰাকী মহিলাকে ধৰি দহজনক গ্ৰেপ্তাৰ।
▶️২০০৬ চনৰ এই দিনটোতেই বিশিষ্ট শিশু সাহিত্যিক ‘এণ্ডি খুৰা’ নামেৰে জনপ্ৰিয় ডাঃ নগেন দত্তৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.