কাইলৈ আৰম্ভ হ’ব ভাৰত গৌৰৱৰ যাত্ৰা!

কাইলৈ আৰম্ভ হ’ব ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ‘নৰ্থ ইষ্ট ডিস্কভাৰী:বিয়ণ্ড গুৱাহাটী’ নামৰ ৰে'লখনৰ যাত্ৰা

নিউজ ডেস্ক:

কাইলৈ আৰম্ভ হ’ব ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ‘নৰ্থ ইষ্ট ডিস্কভাৰী:বিয়ণ্ড গুৱাহাটী’ নামৰ ৰে’লখনৰ যাত্ৰা। নিশা ২ বজাত দিল্লীৰ চফদৰজং ৰে’ল ষ্টেচনৰ পৰা যাত্ৰ আৰম্ভ কৰিব বিশেষ ৰেলখনে। ১৫ দিনীয়া ৰে’লযাত্ৰাত অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট, কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, ডিমাপুৰ আৰু কোহিমাৰ লগতে মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীক সামৰি ল’ব ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ‘নৰ্থ ইষ্ট ডিস্কভাৰী:বিয়ণ্ড গুৱাহাটী’ নামৰ ৰে’লখনে৷

১৫ দিনৰ যাত্ৰা পথৰ ৰে’লখনৰ প্ৰথমটো ষ্টপেজ হ’ব গুৱাহাটী৷ গুৱাহাটীৰ পাছতে ৰে’লখনৰ গন্তব্যস্থান স্থান হ’ব অৰুণাচল প্ৰদেশৰ নাহৰলগুন৷ নাহৰলগুনৰ পাচত ইটানগৰ অভিমুখে যাত্ৰা কৰিব বিশেষ ৰে’লখনে। ইটানগৰৰ পৰা ক্ৰমে শিৱসাগৰ, যোৰহাট, কাজিৰঙা অভিমুখে ৰাওনা হ’ব বিশেষ ৰে’লখন। পৰ্যটকসকলে কাজিৰঙাত এটা দিন কটোৱাৰ অন্তত ডিলাক্স এচি টুৰিষ্ট ৰে’লখনে ফৰকাটিং ৰে’ল ষ্টেচন হৈ ত্ৰিপুৰালৈ অভিমুখে ৰাওনা হ’ব। পৰ্যটকসকলে ত্ৰিপুৰাৰ বিভিন্ন পৰ্যটনস্থলীসমূহ দৰ্শন কৰাৰ পাছতে নাগালেণ্ড ভ্ৰমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হ’ব ডিলাক্স এচি টুৰিষ্ট ‘নৰ্থ ইষ্ট ডিস্কভাৰী:বিয়ণ্ড গুৱাহাটী’। প্ৰায় ৫৮০০ কিলোমিটাৰ পথ ভ্ৰমণৰ মাজেৰে পৰ্যটকসকক উত্তৰ পূৰ্বাঞ্চলৰ সৌন্দৰ্যই আকৰ্ষিত কৰিব পৰাকৈ পৰিকল্পনা কৰা হৈছে এই যাত্ৰাৰ।

কিয়নো বিশেষ ৰে’লখন গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে পৰ্যটকসকলে কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ দৰ্শন কৰি ব্ৰহ্মপুত্ৰত সূৰ্যাস্তৰ মনোৰম দৃশ্য উপভোগ কৰাৰ লগতে ৰেলখনৰ যাত্ৰীসকলে ইটানগৰৰ দৰ্শন ক্ষেত্ৰ, শিৱসাগৰৰ তালতল ঘৰ, ৰং ঘৰ, আৰু শিৱ দৌল দৰ্শন কৰাৰ উপৰিও কাজিৰঙাৰ লগতে চাহ বাগিচা দৰ্শন কৰাৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে উনাকোটিৰ শিল আৰু পাহাৰীয়া অঞ্চলৰ মনোৰম দৃশ্য সামৰি জাম্পুই পাহাৰৰ ঘন অৰণ্য ভ্ৰমণ কৰিব বিশেষ ৰেলখনে।

উল্লেখ্য যে, অত্যাধুনিক ডিলাক্স এচি টুৰিষ্ট ৰে’লখনত যাত্ৰীৰ সুবিধাৰ্থে দুখন ডাইনিং ৰেষ্টুৰেণ্ট, এটা পাকঘৰ, দবাত শ্বাৱাৰ কিউবিকল, চেঞ্চৰযুক্ত ৱাছৰুম ফাংচনৰ লগতে ফুট মাচাজাৰ, এটা সৰু পুথিভঁৰালকে ধৰি উপলব্ধ হ’ব আন বহু সা-সুবিধা।।

You might also like
Leave A Reply

Your email address will not be published.