বিএছপিৰ প্ৰাক্তন বিধায়কৰ ক’ল্ড ষ্ট’ৰেজত বিস্ফোৰণ!

বিএছপিৰ প্ৰাক্তন বিধায়কৰ ক'ল্ড ষ্ট'ৰেজত বিস্ফোৰণ!৫ জন নিহত, আহত ৫০ অৰ্ধশতাধিক

নেচনেল ডেষ্ক

 

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ দৌৰালা অঞ্চলত বিএছপিৰ প্ৰাক্তন বিধায়ক চন্দ্ৰবীৰ সিঙৰ ক’ল্ড ষ্ট’ৰেজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । ক’ল্ড ষ্ট’ৰেজত থকা বয়লাৰ বিস্ফোৰণ ঘটি গেছ লিক হোৱাত ঘৰৰ মূধচ উৰি যায় । এই দুৰ্ঘটনাত ৫ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০-৬০ জন শ্ৰমিক আহত হয় । অৱশ্যে আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও নিশ্চিত কৰা হোৱা নাই । জানিব পৰা মতে ধ্বংসাৱশেষৰ তলত কিছু শ্ৰমিক অজ্ঞান হৈ পৰে । ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী উপস্থিত হৈ অচেতন হৈ পৰা একাংশ শ্ৰমিকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়।

You might also like
Leave A Reply

Your email address will not be published.