নতুন দিল্লীত জাৰ্মানীৰ চান্সেলৰ অলাফ শ্বোলজ!

আজিৰে পৰা দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় জাৰ্মানীৰ চান্সেলৰ অলাফ শ্বোলজ!

নেচনেল ডেস্ক:

জিৰে পৰা দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় জাৰ্মানীৰ চান্সেলৰ অলাফ শ্বোলজ। শ্বলজৰ ভাৰত ভ্ৰমণত সংগ দিছে জ্যেষ্ঠ বিষয়া আৰু শীৰ্ষস্থানীয় ব্যৱসায়িক প্ৰতিনিধিৰ দলে। ২০১১ চনত দুয়োখন দেশৰ মাজত আন্তঃচৰকাৰী পৰামৰ্শ (আই জি চি) ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত যিকোনো জাৰ্মান চান্সেলৰৰ এয়া প্ৰথম স্বতন্ত্ৰ ভ্ৰমণ। ইউৰোপ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ক্ৰেমলিনৰ ওপৰত অৰ্থনৈতিক হেঁচা বজাই ৰাখিবলৈ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পৃথক কৰি ৰাখিবলৈ সংগ্ৰাম কৰি থকা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধ সন্দৰ্ভতো আলোচনা কৰাৰ পৰিকল্পনা কৰিছে শ্বোলজে।

উল্লেখ্য যে, ভাৰত আৰু জাৰ্মানীৰ মাজত এক শক্তিশালী অৰ্থনৈতিক অংশীদাৰ ইউৰোপীয় সংঘ(ই ইউ) ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰৰ লগতে জাৰ্মানী হ’ল ভাৰতৰ বিশ্বৰ শীৰ্ষ ১০ খন বাণিজ্যিক অংশীদাৰ দেশৰ ভিতৰৰ এখন। ইয়াৰ উপৰিও ই ভাৰতৰ অন্যতম বৃহৎ প্ৰত্যক্ষ বিদেশী বিনিয়োগকাৰী।।

You might also like
Leave A Reply

Your email address will not be published.