আৰক্ষী-নক্সালবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ!

শনিবাৰে ছত্তীশগড়ৰ সুকমা জিলাত সংঘটিত হয় আৰক্ষী-নক্সালবাদীৰ মাজত সংঘৰ্ষ!

নেচনেল ডেস্ক:

ৰক্ষী-নক্সালবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ! শনিবাৰে ছত্তীশগড়ৰ সুকমা জিলাত সংঘটিত হয় আৰক্ষী-নক্সালবাদীৰ মাজত সংঘৰ্ষ। ৰাজধানী ৰায়পুৰৰ পৰা ৪০০ কিলোমিটাৰৰো অধিক দূৰত্বত সংঘটিত হয় এই ঘটনা। সংঘৰ্ষত নিহত সহকাৰী উপ পৰিদৰ্শককে ধৰি তিনিজন জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱান। আৰক্ষী মহাপৰিদৰ্শক (বস্তৰ ৰেঞ্জ) সুন্দৰৰাজ পিয়ে জনোৱা মতে, পুৱা প্ৰায় ৯ বজাত জাগৰগুণ্ডা আৰু কুণ্ডেদ গাঁৱৰ মাজত ডি আৰ জিৰ এটা দলৰ তালাচী অভিযানৰ সময়তে সংঘটিত হয় এই মুখামুখি সংঘৰ্ষ। দুই পক্ষৰ গুলীয়াগুলীত নিহত হোৱা তিনি আৰক্ষী এ এছ আই ৰামুৰাম নাগ, সহকাৰী কনিষ্টবল কুঞ্জাম জোগা আৰু বঞ্জাম ভীমা।।

You might also like
Leave A Reply

Your email address will not be published.