ব্ৰাজিলত ভয়ংকৰ গুলীচালনাৰ ঘটনা!

ব্ৰাজিলত ভয়ংকৰ গুলীচালনাৰ ঘটনা। পুল খেলত পৰাস্ত হোৱাৰ বাবে দুজন লোকক উপহাস কৰাৰ....

ইণ্টাৰনেচনেল ডেস্ক:

ব্ৰাজিলত ভয়ংকৰ গুলীচালনাৰ ঘটনা। পুল খেলত পৰাস্ত হোৱাৰ বাবে দুজন লোকক উপহাস কৰাৰ বাবেই গুলীয়াই হত্যা কৰে ১২ বছৰীয়া কিশোৰীকে ধৰি ৭ জন লোকক। এজনে শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰি হত্যা কৰাৰ বিপৰীতে আনজনে হেণ্ডগান লৈ গুলীচালনা কৰে। হত্যাকাণ্ডৰ স্থান এৰি যোৱাৰ সময়ত পুল টেবুলত থকা সামান্য পৰিমাণৰ নগদ ধনৰ লগতে এগৰাকী মহিলাৰ পাৰ্চ লৈ পলায়ন কৰে দুই হত্যাকাৰীয়ে।

আৰক্ষীয়ে দুই পলাতক দুৰ্বৃত্তক এডগাৰ ৰিকাৰ্ডো ডি অলিভেইৰা আৰু ইজেকিয়াছ ছৌজা ৰিবেইৰো বুলি চিনাক্ত কৰিছে। পূৰ্বেও দুৰ্বৃত্ত দুটা বিভিন্ন অপৰাধমূলক কাম-কাজত জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.