বিশ্ব বেংকৰ মুৰব্বী হ’ব ভাৰতীয় মূলৰ আমেৰিকান অজয় বাংগা!

দিল্লী বিশ্ববিদালয়ৰ স্নাতক, আই আই এম-এৰ প্ৰাক্তন ছাত্ৰ তথা মাষ্টাৰকাৰ্ডৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ নাম বিশ্ব বেংকৰ মুৰব্বী হিচাপে মনোনীত!

ইণ্টাৰনেচনেল ডেস্ক:

বিশ্ব বেংকৰ মুৰব্বী হ’ব ভাৰতীয় মূলৰ আমেৰিকান অজয় বাংগা! দিল্লী বিশ্ববিদালয়ৰ স্নাতক, আই আই এম-এৰ প্ৰাক্তন ছাত্ৰ তথা মাষ্টাৰকাৰ্ডৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ নাম বিশ্বৰ শক্তিশালী বিত্তীয় প্ৰতিষ্ঠান বিশ্ব বেংকৰ মুৰব্বী হিচাপে বৃহস্পতিবাৰে মনোনয়ন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।

ইতিহাসৰ এই জটিল মুহূৰ্তত বিশ্ব বেংকৰ নেতৃত্ব দিবলৈ অজয় বাংগাই অনন্যভাৱে যোগ্য ব্যক্তি বুলি মন্তব্য প্ৰকাশ মাৰ্কিন ৰাষ্ট্ৰপতিৰ।

বাংগাৰ মনোনয়ন লাভ বিশ্ব বেংকৰ বৰ্তমানৰ সভাপতি ডেভিদ মালপাছে আগতীয়াকৈ পদত্যাগৰ সিদ্ধান্ত ঘোষণা কৰাৰ কিছুদিন পিছতে। ডেভিদ মালপাছৰ কাৰ্যকাল ২০২৪ চনলৈকে আছিল।

অজয় বাংগা কোন?

৬৩ বছৰীয়া অজয় বাংগা এজন ভাৰতীয়-আমেৰিকান আৰু বৰ্তমান ইকুইটি ফাৰ্ম জেনেৰেল আটলাণ্টিকৰ ভাইচ চেয়াৰমেন হিচাপে কৰ্মৰত। পুনেত জন্মগ্ৰহণ কৰা বাংগাই দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ প্ৰাক্তন ছাত্ৰ। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ মাষ্টাৰকাৰ্ডত সভাপতি আৰু মুখ্য পৰিচালন বিষয়া হিচাপে যোগদান কৰে আৰু ২০১০ চনৰ এপ্ৰিল মাহত ইয়াৰ মুখ্য পৰিচালন বিষয়া হিচাপে নিযুক্তি লাভ কৰে। বাংগাই ভাৰতৰ নেচলেৰ সৈতে ১৩ বছৰ আৰু পেপচিকোতো দুবছৰ কাম কৰিছিল। ১৯৯৬ চনত চিটি গ্ৰুপত যোগদান কৰে, য’ত তেওঁ এছিয়া-পেচিফিক অঞ্চলৰ চিইঅ’ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চিটিৰ জ্যেষ্ঠ নেতৃত্ব আৰু কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যও আছিল অজয় বাংগা।।

You might also like
Leave A Reply

Your email address will not be published.