বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি জন্মদিন।

ৰাজ্যজুৰি শ্বহীদ সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে!

নিউজ ডেস্ক :
ৰাজ্যজুৰি শ্বহীদ সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিকগৰাকীৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি নতুন প্ৰজন্মক উৎসাহিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে বিভিন্ন সামাজিক তথা সাংবাদিক সংগঠনে। পৰাগ কুমাৰ দাস অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ। দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া এই নিৰ্ভীক সাংবাদিকগৰাকীৰ ত্যাগ আৰু অৰিহণা অনন্য।

‘বুধবাৰ’ নামৰ সাপ্তাহিক কাকতখনৰ জৰিয়তে অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটোৱা প্ৰয়াত সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰে পৰা কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

৮০ দশকতেই পৰাগ কুমাৰ দাসে ‘প্ৰান্তিক’ আৰু আন দৈনিক কাকতত স্তম্ভ লেখক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিল।
১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত জন্মগ্ৰহণ কৰা পৰাগ কুমাৰ দাসে
প্ৰথম অৱস্থাত পঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। তাৰপাছত গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে পৰাগ কুমাৰ দাসে যোগদান কৰাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰতো প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল।

তেওঁ বহুবাৰ ৰাষ্ট্ৰৰ ৰোষত পৰিবলগীয়া হৈছিল। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু টাডাৰ অধীনত গ্ৰেপ্তাৰ কৰি চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

তেওঁৰ প্ৰায়বোৰ লেখাতেই প্ৰচলিত ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি তীব্ৰ বিদ্ৰোহ আৰু অগ্নি বৰ্ষিত হৈছিল। তেওঁৰ লেখাবোৰত ৰাষ্ট্ৰই ৰাষ্ট্ৰদ্ৰোহৰ গোন্ধ পাইছিল আৰু সেয়ে তেওঁক দুবাৰকৈ কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

এই তীক্ষ্মধী সাংবাদিক আপোচহীন সংগ্ৰামী তথা মানৱাধিকাৰ কৰ্মীজনক ১৯৯৬ চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত জাতীয় বিদ্যালয়ত অধ্যয়নৰত পুত্ৰক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱাৰ সময়তে আততায়ীয়ে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰিছিল।পৰিতাপৰ কথা যে পৰাগ হত্যাৰ সুবিচাৰ আজিও নাপালে তেওঁৰ পৰায়ালে।ওপজা দিনত শ্বহীদ সাংবাদিক গৰাকীৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত NEBharat24 পৰিয়ালৰো।।

You might also like
Leave A Reply

Your email address will not be published.