ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে সুখবৰ!

পুনৰ শীৰ্ষ স্থান দখল ভাৰতীয় টেষ্ট দলটোৰ

স্প’ৰ্টছ ডেস্ক:

ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে সুখবৰ। আগন্তুক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩ৰ ফাইনেলৰ পূৰ্বে পুনৰ শীৰ্ষ স্থান দখল ভাৰতীয় টেষ্ট দলটোৰ। ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ টেষ্ট দলক চেৰাই বিশ্বৰ শীৰ্ষ টেষ্ট ক্ৰিকেট দল হিচাপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি)য়ে টুইটযোগে সদৰি কৰে এই কথা। শেহতীয়া ৰেংকিঙত ভাৰতে ১২১ ৰেটিং পইণ্টেৰে অষ্ট্ৰেলিয়াক অতিক্ৰম কৰাৰ বিপৰীতে কেংগাৰু দলটোৱে ১১৬ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। উলেখ্য যে, ১৫ মাহ ধৰি টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰি আছিল অষ্ট্ৰেলিয়াৰ দলটোয়ে।।

You might also like
Leave A Reply

Your email address will not be published.