জোনবাই দেশতে সাজিম ঘৰ এখনি
তৰায়ে জ্বলাব চাকি…
ভিতালীবিহীন আজি তিনিটি ব’হাগ
ভিতালী মানেই বিহুনাম আৰু বিহুসুৰীয়া গীতৰ এক জনপ্ৰিয় কণ্ঠ৷ ভিতালীবিহীন আজি তিনিটা ব’হাগ আমি পাৰ কৰিছো৷ আজি ভিতালী দাসৰ তৃতীয়টো মৃত্যুবাৰ্ষিকী। মঞ্চই মঞ্চই বিহুগীত গাই লাখ লাখ শ্ৰোতা-দৰ্শকৰ নয়নৰ মণি হৈ পৰা কণ্ঠশিল্পী ভিতালী দাস এটা যেন নাম নহয়, বিহু নামৰ এটা সুৱদী-সুৰীয়া অনুষ্ঠান৷ সেই সেউজ সুৰীয়া অনুষ্ঠানকেই কাল কৰ’নাই কাঢ়ি লৈ গ’ল আমাৰ মাজৰ পৰা৷
মহামাৰীৰ সৈতে যুঁজ দি অকালতে হেৰাই গ’ল এটা সোণালী কণ্ঠ৷ কুলি-কেতেকীৰ সুৱদী মাতৰ দৰে ব’হাগ আহিলেই ভিতালীৰ সোণালী কণ্ঠই আমাৰ কৰ্ণকুহৰ অনুৰণিত কৰে– ‘জানমণি তোমাৰ বাবে…’৷ কেৱল ইমানেই নহয় ফুল ফুলিছে বসন্তৰ পৰা মন চেঙেলিয়ালৈকে কণ্ঠ নিগৰোৱা ভিতালী দাসে নিজৰ সুৱলা কণ্ঠৰে লাখ লাখ অনুৰাগীক মোহিত কৰিছিল।কণ্ঠশিল্পী গৰাকীয়ে অসমৰ হ্ৰাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু অন্যান্য শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গীত গাইছিল।
কিন্তু জানমণিৰ সেই সোণালী কণ্ঠই আজিও সংগীতপ্ৰেমীৰ বুকুত খুন্দিয়ায়৷ কোৱা হয়– ‘কিছুমান মৃত্যু আকাশত উৰি ফুৰা গঙা চিলনীৰ পাখিৰ দৰে পাতল আৰু কিছুমান মৃত্যু হিমালয়তকৈ গধুৰ৷’ শিল্পী ভিতালী দাসৰ মৃত্যুও হিমালয়তকৈ গধুৰ৷ আত্মীয়-স্বজনেই নহয় শত-সহস্ৰ অনুৰাগীৰ বাবেও এইগৰাকী শিল্পীৰ মৃত্যুৰ বেদনা অসহনীয়।
গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ সংস্কৃতিবান যুৱক, একালৰ পাণ্ডু কলেজৰ সাংস্কৃতিক সম্পাদক তথা বাদ্যযন্ত্ৰী ভূপেন দাসৰ সৈতে ভিতালীয়ে জীৱনৰ আপোনজৰী বান্ধি সুখৰ সংসাৰ গঢ়িছিল যদিও সেই আপোনজৰী ছিঙি স্বামী আৰু কিশোৰী কন্যা কমলিকা কাশ্যপক এৰি থৈ ২০২১ চনৰ ২১ এপ্ৰিলত জীৱনৰ নাট সামৰিলে শিল্পীগৰাকীয়ে৷ মৃত্যুৰ দুদিনমান পূৰ্বে জজ খেলপথাৰত গুৱাহাটী ছাত্ৰ সন্থাই গৰু বিহুৰ দিনা আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত ভিতালীয়ে বিহু পৰিৱেশন কৰি হাজাৰ হাজাৰ শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল৷ ভিতালীৰ সেই অন্তিম অনুষ্ঠানটো বহুতৰে মনত আজিও সজীৱ হৈ আছে৷
উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ এটা সু-সংস্কৃতিবান পৰিয়ালৰ পৰা (১৯৬৯চন) জীৱনৰ সোণালী যাত্ৰা আৰম্ভ কৰা ভিতালী দাসে জীৱনৰ ৰংখিনি বিহুনামৰ মাজেৰে ৰাইজক বিলাই দিছিল৷ তেওঁৰ পিতৃ হ’ল ললিত চন্দ্ৰ দাস আৰু মাতৃ মীৰা হাজৰিকা৷ ৫ হাজাৰৰো অধিক বিহুগীত গাই অসমৰ লোকসংগীতৰ জগতখনলৈ শিল্পীগৰাকীয়ে যি অৱদান আগবঢ়ালে সেয়া সংগীত জগতৰ বাবে অমূল্য সম্পদ৷
ভিতালীৰ কণ্ঠত যেন অমৃত বৰষিছিল, মৌ বৰষিছিল৷ভিতালীৰ গায়কীয়ে সকলোকে মুগ্ধ কৰিছিল৷ শিল্পীগৰাকীৰ শুদ্ধ উচ্ছাৰণ, উজনি অসমৰ বিহু নামৰ ঠাচ, সুন্দৰ গায়কী, ৰঙীয়াল মন আদি সকলোৱে শ্ৰোতা-দৰ্শকৰ মন মুগ্ধ কৰিছিল৷কণ্ঠশিল্পী হোৱাৰ লগতে ভিতালী দাস এগৰাকী সুনিপুণ বাদ্যযন্ত্ৰীও৷ ভিতালীয়ে ঢোল আৰু তবলা বৰ সুন্দৰকৈ বজাব জানিছিল৷
কোৱা হয়, মৃত্যুৰ পাছতো এক জীৱন থাকে৷ সকলোৰে জীৱন মৃত্যুৰ পাছতো শেষ নহয়৷ কায়িকভাৱে নহ’লেও গীতৰ মাজেৰে ভিতালী আমাৰ মাজত জীয়াই থাকিব৷ জীৱন-মৃত্যুক জয় কৰি ভিতালী দাসে যেন এক মৃত্যুহীন জীৱন প্ৰাপ্তি হৈছে৷ পুৰণি বিহুনামবোৰ আৰু তাতে সোণপানী চৰোৱা সুৰবোৰে ভিতালী দাসক মৃত্যুহীন কৰি আমাৰ মাজত জীয়াই ৰাখিব৷
এয়া বিহুৰ বতৰ৷ বিহু আৰু ভিতালী দাসৰ গান যেন এটা মুদ্ৰাৰে দুটা পিঠি৷ ভিতালী দাসৰ জীয়ৰী কমলিকা কাশ্যপৰ কণ্ঠ শুনিলে মনত পৰে ভিতালী দাসলৈ৷ যেন উভতি আহিছে বিহুৰাণী– যেন ভিতালীক ভগৱানে পুনৰ পঠাইছে সংগীতৰ জগতলৈ৷ ভিতালীৰ সুৱদী কণ্ঠ অসমবাসীয়ে শুনিব পাৰিব কমলিকাৰ কণ্ঠৰ মাজেৰে৷কমলিকাৰ প্ৰতি অসমবাসীৰ শুভেচ্ছা সদায় আছে৷