আজি ২২ এপ্ৰিল

➡️আজি ধৰিত্ৰী দিৱস।
➡️১৩৭০ চনত আজিৰ দিনটোতে পেৰিছত প্ৰসিদ্ধ বাস্তিল দুৰ্গৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল।
➡️১৬৬২ চনত ইংলেণ্ডৰ প্ৰসিদ্ধ ৰয়েল ছচাইটী প্ৰতিষ্ঠা কৰা হয়।
➡️১৭২৪ চনত জাৰ্মান দাৰ্শনিক ইমানুৱেল কান্টৰ জন্ম হয়।
➡️১৮৭০ চনত ৰুছ বিপ্লৱৰ প্ৰধান হোতা তথা ছোভিয়েট যুক্তৰাষ্ট্ৰৰ জন্মদাতা লেনিনৰ (সম্পূৰ্ণ নাম ভ্লাডিমিৰ ইলিছ উলিয়ানত লেলিন) জন্ম।
➡️১৯০৪ চনত পাৰমাণৱিক বোমাৰ জনক, মাৰ্কিন পদাৰ্থ বিজ্ঞানী ৰবাৰ্ট অ’পেনহেইমাৰৰ জন্ম।
➡️১৯০৬ চনত আধুনিক অলিম্পিকৰ দহ বছৰ পূৰ্তি উপলক্ষে এথেন্সত বিশেষ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ। এই অলিম্পিক ২ মে’লৈকে অনুষ্ঠিত হয়। আন্তজাৰ্তিক অলিম্পিক সমিতিয়ে অৱশ্যে এই অলিম্পিকক স্বীকৃতি দিয়া নাই।
➡️১৯১৫ চনৰ ২২ এপ্ৰিলত সাহিত্যিক আৰু ৰাজনীতিবিদ হেম বৰুৱাৰ জন্ম হয়।
➡️১৯১৬ চনত কুৰি শতিকাৰ বিৰল প্ৰতিভাদৰ সংগীতজ্ঞ আৰু অবিসম্বাদী বেহেলাবাদক ইহুদী মেনুহিনৰ জন্ম।
➡️১৯৫৮ চনত ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান হিচাপে এডমিৰেল আৰ ডি কাটাৰীৰ কাৰ্যভাৰ গ্ৰহণ। এই পদত অধিষ্ঠিত হোৱা তেঁৱেই প্ৰথম ভাৰতীয়।
➡️১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে আন্তজাৰ্তিক ধৰিত্ৰী দিৱস পালন কৰা হয়। তেতিয়াৰ পৰা এই দিনটোতে ধৰিত্ৰী দিৱস ৰূপে পালন কৰি অহা হৈছে।
➡️১৯৭৭ চনত ছাইমন পেৰেৰা ইজৰাইলৰ প্ৰধান মন্ত্ৰী হয়।
➡️১৯৯৬ চনত অসমৰ মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যু হয়। ডাঃ ভূমিধৰ বৰ্মনৰ অসমৰ ভাৰপ্ৰাপ্ত মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ। সেই বছৰৰ ১৪ মে’ লৈকে তেওঁ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০৫ চনত নতুন বাণিজ্যিক সম্পৰ্ক স্থাপনৰ বাবে এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰৰ মাজত এফ্ৰো-এছিয়ান শীৰ্য সন্মিলন অনু্ষ্ঠিত হয়।

You might also like
Leave A Reply

Your email address will not be published.