জুৰীয়াৰ মুছলিম চাপৰিত অঘটন

বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত

জুৰীয়াৰ মুছলিম চাপৰিত অঘটন
বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত

ৰাজ্যত অব্যাহত আছে বন্য হস্তীৰ সন্ত্ৰাস। বন্য হস্তীৰ আক্ৰমণত ৰাজ্যত এতিয়াও বিভিন্নজন লোক মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। আজি পুৱতি নিশা জুৰীয়াৰ পাৰ্শ্বৱৰ্তী মুছলিম চাপৰিত সংঘটিত হ’ল বন্য হস্তীৰ তাণ্ডৱ।বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত । নিহত মহিলাগৰাকী মুছলিম চাপৰিৰ ২৮ বছৰীয়া তাচমীনা খাতুন বুলি জানিব পৰা গৈছে। পুৱতি নিশা প্ৰস্ৰাৱ কৰিবলৈ উলাওঁতেই মহিলাগৰাকীক অতৰ্কিতে আক্ৰমণ চলায় হাতীটোৱে।
বুঢ়া চাপৰি অভয়াৰণ্যৰ হাতীৰ আক্ৰমণত নিহত হয় মহিলাগৰাকী। মহিলা গৰাকীক ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.