বেলতলা বহাগী উৎসৱত ড° ভূপেন হাজৰিকা বঁটা প্ৰদান

বঁটা প্ৰদান ভাৰতীয় ছবি জগতৰ অভিনেতা জৰ্জ বেকাৰক

৪৫ সংখ্যক বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে প্ৰদান কৰে ড° ভূপেন হাজৰিকা বঁটা।২০২৪ বৰ্ষৰ বাবে ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হয় ভাৰতীয় ছবি জগতৰ অভিনেতা জৰ্জ বেকাৰক।চামেলি মেম চাহাব ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল অভিনেতা জৰ্জ বেকাৰে।বেলতলা বহাগী উৎসৱে প্ৰদান কৰা এই বঁটাত আছে ২ লাখ টকাৰ চেক, ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি, শৰাই, মানপত্ৰ আৰু চেলেং চাদৰ। সুধাকণ্ঠ ড.ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাৰ হাতেৰে উদযাপন সমিতিয়ে প্ৰদান কৰে এই বঁটা।সুধাকণ্ঠক স্মৰণ কৰি আবেগিক হৈ দৰ্শকৰ আগত বক্তব্য আগবঢ়াই অভিনেতা গৰাকীয়ে।ইফালে ২০২১ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটাও এই মঞ্চতেই প্ৰদান কৰে বেলতলা বহাগী উদযাপন সমিতিয়ে।২০২১ বৰ্ষৰ বঁটা প্ৰদান কৰা হয় এপ’লো হাস্পাতালৰ বিশিষ্ট চিকিৎসক সুশীল কুমাৰ জৈনক।কভিড মহামাৰীৰ সময়ত ৰাইজলৈ অশেষ সেৱা আগবঢ়াইছিল মানৱদৰদী চিকিৎসক গৰাকীয়ে। বেলতলা বহাগী উৎসৱৰ তৃতীয় তথা অন্তিম নিশাৰ অনুষ্ঠানতেই প্ৰদান কৰা হয় এইবৰ্ষৰ পাটমাদৈ বঁটা।১৯ এপ্ৰিলত অনুষ্ঠিত পাটমাদৈ প্ৰতিযোগিতাত বিজয়ী হৈ ২০২৪ বৰ্ষৰ পাটমাদৈ সন্মান আজুৰি আনে নগাঁৱৰ নিৰ্জুমা কাকতিয়ে।মুঠ ৪ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল এই প্ৰতিযোগিতাত।নিৰ্জুমা কাকতিয়ে বিজয়ী হৈ লাভ কৰে পাটমাদৈ ট্ৰফী আৰু নগদ ২ লাখ টকা।

You might also like
Leave A Reply

Your email address will not be published.