মচলাই আনিব পাৰে বিপদ!

বিদেশত নিষিদ্ধ হ’ল MDH-EVEREST মচলা...

চলাজাতীয় খাদ্য খাই বহুলোকেই ভাল পায়। কিন্তু আপুনি ব্যৱহাৰ কৰি থকা মচলাত কেনেধৰণৰ পদাৰ্থ মিহলি হৈ থাকে সেই বিষয়ে আপুনি জানেনে? বেছিকৈ মচলা খাই ভালপোৱা লোকসকল সাৱধান হওঁক। কাৰণ ভাৰতৰ কেইবাটাও মচলাৰ কোম্পানী নিষিদ্ধ কৰা হৈছে বিশ্বৰ কেইবাখনো দেশত।

হংকঙত নিষিদ্ধ কৰা হৈছে জয়প্ৰিয় ভাৰতৰ মচলাৰ কোম্পানী এম ডি এইচ প্ৰাইভেট আৰু এফাৰেষ্ট ফুড প্ৰডাক্টছ। কেইবাটাও মচলাৰ মিশ্ৰণত কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইড চিনাক্ত কৰাৰ অভিযোগৰ পিছতে এমডিএইচ প্ৰাইভেট আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ বিক্ৰী নিষিদ্ধ কৰিছে হংকঙে। ইয়াৰ পূৰ্বে ছিংগাপুৰে যোৱা সপ্তাহত এভাৰেষ্টৰ বিৰুদ্ধে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। উক্ত মচলা কোম্পানীটোৰ বিৰুদ্ধে ইথিলিন অক্সাইডৰ অনুমোদিত সীমা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন হৈছিল।
হংকং বিশেষ প্ৰশাসনিক অঞ্চলৰ চৰকাৰৰ খাদ্য সুৰক্ষা কেন্দ্ৰই এক বিবৃতিযোগে প্ৰকাশ কৰে যে নিয়মীয়া নিৰীক্ষণ কাৰ্যসূচীয়ে এমডিএইচ গোটৰ পৰা তিনিটা মচলা মিশ্ৰণত ইথিলিন অক্সাইডৰ উপস্থিতি উন্মোচন কৰিছে। সেই মচলা কেইবিধ হৈছে মাদ্ৰাজ কাৰি পাউডাৰ, সম্ভাৰ মচলা পাউডাৰ, আৰু কাৰি পাউডাৰ।
বিবৃতিটোত প্ৰকাশিত অনুসৰি, চিএফএছে ইয়াৰ নিয়মীয়া খাদ্য নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত পৰীক্ষাৰ বাবে তেওঁলোকে টিচিম শ্বা চুইৰ তিনিটা খুচুৰা বিপনীৰ পৰা ওপৰোক্ত নমুনাবোৰ সংগ্ৰহ কৰিছিল। পৰীক্ষাৰ ফলাফলে দেখুৱাইছিল যে নমুনাবোৰত এটা কীটনাশক, ইথিলিন অক্সাইড আছিল। ইয়াৰ লগতে চিএফএছে সংশ্লিষ্ট বিক্ৰেতাসকলক অনিয়মৰ বিষয়ে অৱগত কৰি তেওঁলোকক বিক্ৰী বন্ধ কৰিবলৈ আৰু প্ৰভাৱিত সামগ্ৰীবোৰ শ্বেল্ফৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিছে বুলিও বিবৃতিত প্ৰকাস কৰা হয়।
ইয়াৰ উপৰিও, এভাৰেষ্ট গ্ৰুপৰ ফিছ কাৰি মচলাত কীটনাশক দ্ৰৱ্যৰ উপস্থিতি পোৱা গৈছে। কৰ্কট ৰোগৰ ওপৰত গৱেষণাৰ বাবে আন্তৰ্জাতিক সংস্থাৰ দ্বাৰা গ্ৰুপ ১ কাৰ্চিনোজেন হিচাপে শ্ৰেণীবদ্ধ কৰা ইথিলিন অক্সাইডে গুৰুতৰ স্বাস্থ্য বিপদাশংকা সৃষ্টি কৰে। ইয়াৰ দ্বাৰা স্তন কৰ্কটৰোগ হোৱাৰ আশংকা কৰা হয়।
এই ফলাফলৰ প্ৰতিক্ৰিয়া স্বৰূপে, হংকং আৰু ছিংগাপুৰ দুয়োখন দেশেই জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখ্য যে ভাৰতীয় মচলা ব্ৰেণ্ড বিদেশত নিষিদ্ধ হোৱাৰ ঘটনা এইয়া প্ৰথম নহয়। ২০২৩ চনত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ.ডি.এ.) চালমোনেলাৰ বাবে ইতিবাচক পৰীক্ষা কৰাৰ পিছত এভাৰেষ্ট ফুড প্ৰডাক্ট কোম্পানীয়ে উৎপাদন কৰা খাদ্য-সামগ্ৰীবোৰ পুনৰ ঘূৰাই অনাৰ নিৰ্দেশ দিছিল।

You might also like
Leave A Reply

Your email address will not be published.