শ্ৰীলংকাত অভাৱনীয় ঘটনা!

ট্ৰেক এৰি দৰ্শকৰ মাজলৈ ৰেচিং কাৰ

ভাৱিলেই গা শিঁয়ৰি উঠা লোমহৰ্ষক ঘটনা। প্ৰতিযোগিতাৰ বাবে নিৰ্ধাৰণ কৰি থোৱা মূল ট্ৰেক এৰি দৰ্শকৰ মাজলৈ পোনে পোনে আগবাঢ়ি গ’ল এখন ৰেচিং কাৰ । তীব্ৰ গতিৰে আহি ৰেচিং কাৰে খুন্দিয়াই ইজনৰ পাছত সিজন দৰ্শকক। ক্ষন্তেক সময়ৰ পিছতে গোটেই পৰিস্থিতি উত্তপ্ত হৈ পৰে।ঘটনাটোত ৭ জন লোক থিতাতে নিহত হয় আৰু ২৩ জন দৰ্শক আহত হয়।

শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ নিকটৱৰ্তী ফক্স হিলছত দেওবাৰে সংঘটিত হয় এই শোকাৱহ ঘটন। মটৰ স্পৰ্টছক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে শ্ৰীলংকাৰ সেনাই আয়োজন কৰে ৰেচিং প্ৰতিযোগিতা। কিন্তু এই প্ৰতিযোগিতাখনতে অভাৱনীয় ঘটনা সংঘটিত হয়।ফলত ২৩জনৰো অধিক লোক আহত আৰু ৭জন লোক থিতাতে নিহত হয়।

সেনাই বিনামূলীয়াকৈ অনুষ্ঠিত কৰা প্ৰতিযোগিতাখন চাবলৈ অধিকাংশ দৰ্শকৰ সমাগম হৈছিল। তেতিয়াই ৰঙা ৰঙৰ গাড়ীখন দৰ্শকৰ মাজলৈ তীব্ৰ গতিত আগবাঢ়ি আহিছিল।৭ জন হতভগীয়া দৰ্শকৰ প্ৰাণ কাঢ়ি নিয়া এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

INTERNATIONAL DESK NEBharat24

You might also like
Leave A Reply

Your email address will not be published.