মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত নৃশংস হত্যাকাণ্ড!

নিউজ ডেস্ক:

পুনৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! দুজন ৰোগীৰ মাজত হোৱা কাজিয়াৰ ভয়ংকৰ পৰিণতি। গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত সোমবাৰে ছুৰীৰে হানি-খুচি হত্যা যুৱকক।হত্যাকাণ্ডৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে কেন্দ্ৰটোত থকা চিচিটিভি কেমেৰাত।গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো। চোকা অস্ত্ৰৰে নিচামুক্তি কেন্দ্ৰত থকা এগৰাকী ড্ৰাগছ আসক্ত যুৱকক হানি-খুচি হত্যা আন এগৰাকী ড্ৰাগছ আসক্ত যুৱকৰ।হাতীগাঁৱৰ অজন্তা পথত থকা মিৰাকল ৰিহাব চেণ্টাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। খবৰ অনুসৰি, কেন্দ্ৰটোত থকা অৰিন্দম খাউণ্ড নামৰ যুৱকজনক হত্যা কৰিলে কেন্দ্ৰটোতে থকা অমিনুৰ হুছেইন নামৰ আন এজন যুৱকে ।ইতিমধ্যেই হত্যাকাৰী অমিনুৰ হুছেইনক আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে। বৰ্তমানেও ৰহস্যৰ আৱৰ্তত হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ। সম্প্ৰতি হাতীগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।

You might also like
Leave A Reply

Your email address will not be published.