নেচনেল ডেস্ক:
তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰাই চৰকাৰী আবণ্টিত দিল্লীৰ বাংলো খালী কৰা বুলি জানিব পৰা গৈছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত লোকসভাৰ সাংসদ হিচাপে বহিষ্কাৰ হোৱা মৈত্ৰাই মঙলবাৰে Directorate of Estates ৰ পৰা লাভ কৰিছিল উচ্ছেদৰ জাননী, য’ত অনতিপলমে তেওঁক বাংলো খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
“শ্ৰীমতী মহুৱা মৈত্ৰাই দখল কৰা ৯বি টেলিগ্ৰাফ লেন নম্বৰৰ ঘৰটো আজি ১৯/১/২০২৩ তাৰিখে পুৱা ১০ বজাৰ ভিতৰত সম্পূৰ্ণৰূপে খালী কৰা হয় আৰু দখলটো তেওঁৰ অধিবক্তাই পৰিদৰ্শন কৰি থকা আৰু যথাযথ প্ৰক্ৰিয়াত নিয়োজিত Directorate of Estatesক গতাই দিয়ে। কৰ্তৃপক্ষৰ আগত চৌহদ খালী কৰা হয়”
এইদৰে মৈত্ৰাৰ অধিবক্তাই সংবাদ মাধ্যমক খবৰটো সদৰি কৰে। উল্লেখ্য যে ধনৰ বিনিময়ত লোকসভাত প্ৰশ্ন সোধাৰ অভিযোগত খাৰিজ হৈছিল মহুৱা মৈত্ৰৰ সাংসদৰ পদ।।