মুকলিৰ দিশে নলবাৰীৰ প্ৰথমখন উৰণীয়া সেঁতু

নিউজ ডেস্ক

 

লবাৰীত অতি শীঘ্ৰেই মুকলি কৰা হ’ব প্ৰথমখন উৰণীয়া সেতু। প্ৰায় ৪৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । প্ৰায় ৪৬৫ মিটাৰ দৈৰ্ঘ্যৰ সেঁতুখনৰ নিৰ্মাণ কাৰ্য ডিডি শৰ্মা নিৰ্মাণ কনষ্ট্ৰাকচনে ২০১৯ চনৰ জুলাই মাহত আৰম্ভ কৰিছিল। কিন্তু বিভিন্ন কাৰণত সময় উকলি যোৱাৰ পিছতো সম্পূৰ্ণ হৈ উঠা নাছিল সেঁতুখন। যাৰ বাবে যান–যটৰ সমস্যা হ্ৰাস কৰাৰ স্বাৰ্থত উৰণীয়া সেঁতু শীঘ্ৰে মুকলিৰ বাবে বিভিন্ন দল সংগঠনে‌ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। অৱশেষত সকলো সমস্যাৰ অন্ত পেলাই মুকলিৰ দিশে হৰিমন্দিৰৰ সমীপৰ উৰণীয়া সেঁতু । সেঁতুখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে নলবাৰীবাসী। উল্লেখযোগ্য যে, নলবাৰী হৰিমন্দিৰৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথচোৱা বিগত পাঁচ বছৰে দলং নিৰ্মাণৰ বাবে বন্ধ হৈ পৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিগৰাকী পথচাৰীয়ে ৩ কিলোমিটাৰ পথ দূৰত্ব অতিক্ৰম কৰি যাব লগা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.